September 15, 2025 8:03 PM

views 22

ভোটগ্ৰহণৰ মাজত ৬টা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধীৰ বিটিআৰত ব্যাপক প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজত ছটা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেইবাগৰাকীও মন্ত্ৰী, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ আৰু চিৰাঙত আয়োজিত দুখন জনসভাত অংশ লয়। কোকৰাঝাৰত বানৰগাঁও আৰু দতমা সম...

September 13, 2025 8:14 PM

views 33

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত বিজেপি প্রার্থীৰ হৈ বহুকেইখন সভাত অংশগ্রহণ কৰাৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ প্ৰাৰ্থীৰ হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত সভাত অংশ লৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি পৰ্বতঝৰা পৰিষদীয় সমষ্টিত দলীয় প্রার্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী ৰঞ্জিত...

September 10, 2025 8:32 PM

views 31

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ

বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তোলাৰ লগতে জিলা প্ৰশাসনসমূহে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত বি টি চি নিৰ্বাচনৰ ব্যয় সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নির্বাচনী পর্যবেক্ষকদ্বয় – অতুল কুমাৰ শৰ্মা, ক্ষিতিশ চন্দ্ৰ পেগু আৰু অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় নীতি-নিয়মসমূহ ব্যাখ্যা কৰে। এই বৈঠকত জিলাখনৰ পাঁচটা পৰিষদীয় সমষ্টি দৰঙাজুলি, নাগ্ৰীজ...

August 22, 2025 12:07 PM

views 37

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। ইউনাইটেড পিপ’ল্‌ছ পাৰ্টী লিবাৰেচন চমুকৈ ইউ পি পি এলে পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। দলটোৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে পৰিষদৰ মুঠ ৪০ টা সমষ্টিৰ ভিতৰত ১৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। চিৰাং জিলাৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে। পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিকে ধৰি বি পি এফ দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ...