September 15, 2025 8:03 PM September 15, 2025 8:03 PM
12
ভোটগ্ৰহণৰ মাজত ৬টা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধীৰ বিটিআৰত ব্যাপক প্ৰচাৰ
বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজত ছটা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেইবাগৰাকীও মন্ত্ৰী, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ আৰু চিৰাঙত আয়োজিত দুখন জনসভাত অংশ লয়। কোকৰাঝাৰত বানৰগাঁও আৰু দতমা সম...