August 25, 2025 8:38 PM

views 25

বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত

আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে বি টি আৰৰ অন্তৰ্গত জিলা কেইখনত তৎপৰতা অব্যাহত ৰাখিছে। ইউ পি পি এল দলে আজি কোকৰাঝাৰত সুসংগত বড়োলেণ্ড শীৰ্ষক এটা সমদলৰ আয়োজন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা এই সমদল শুভাৰম্ভ কৰা হয়। বি টি আৰৰ মুখ্য কাৰ্যবাহী সহস্য আৰু ইউ পি পি এলৰ সভাপতি প্রমোদ বড়ো, মন্ত্রী ঊৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেন্স ইছলাৰীকে ধৰি কেইবাগৰাকীও নেতাই সমদলত অংশ লয়। জনসাধাৰণক সম্বোধন কৰি বি টি চিৰ মুখ্য কাৰ্যবাহী ...