August 26, 2025 8:00 PM

views 20

বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নির্বাচন আয়োগৰ

অসম ৰাজ্যিক নির্বাচন আয়োগে বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অহা ২২ ছেপ্তেম্বৰ সোমবাৰে ভোটগ্রহণ অনুষ্ঠিত হ'ব। আয়োগে অহা ২ ছেপ্তেম্বৰ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰিছে। ৪ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্রার্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। ৬ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২৬ ছেপ্তেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব।