January 16, 2025 8:03 PM

views 10

কোকৰাঝাৰৰ বিটিচি বিধায়িনী ভৱনত অহা ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী

কোকৰাঝাৰৰ বিটিচি বিধায়িনী ভৱনত অহা ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি এই অধিৱেশনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। পৰ্যালোচনা কালত বিটিচি বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়ো, মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু অসম বিধানসভাৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। তেওঁলোকে জিলাখনত হ'বলগীয়া বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকাৰ বাবে বিভিন্ন দিশ পুংখানুপুংখভাৱে চোৱাচিতা কৰে। ইয়াৰ পাছতে শ্রীদৈমাৰীয়ে অসম বিধানসভা আৰ...