January 19, 2026 7:14 PM

views 3

কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ টিপকাইত বীৰ চিলাগং বসুমতাৰী স্মাৰক ষ্টেডিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম প্ৰেক্ষাগৃহ, পৰ্বঝৰাত পলিটেকনিক আৰু বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কোকৰাঝাৰত ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷