August 4, 2025 6:27 PM

views 41

নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে বি এছ এন এলৰ দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

বি এছ এন এলে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই পদক্ষেপ ডিজিটেল অসম আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে।

July 28, 2025 9:08 PM

views 19

BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন

ভাৰত সঞ্চাৰ নিগম লিমিটেড - BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বি এছ এন এলৰ মুখ্য মহা-প্ৰৱন্ধকৰ উচ্চ পৰ্য্যায়ৰ প্ৰথমখন পৰ্য্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই এইদৰে কয়। বি এছ এন এলৰ সহযোগত দূৰসংযোগ বিভাগে আয়োজন কৰা এই বৈঠকত দূৰসংযোগৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০২৪-২৫ বৰ্ষত অভিলেখ পৰিমাণৰ ধন বিনিয়োগ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়...

October 22, 2024 9:21 PM

views 48

বি এছ এন এলৰ নতুন লোগো মুকলি

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, ভাৰত সঞ্চাৰ নিগম লিমিটেডে ফোৰ-জি নেটৱৰ্ক মুকলি কৰাৰ পাছৰে পৰা গ্ৰাহকৰ সংখ্যা বিগত ৬ মাহত ৭৫ লাখৰ পৰা ১ কোটি ৮০ লাখলৈ বৃদ্ধি পাইছে। নতুন দিল্লীত আজি ভাৰত সঞ্চাৰ নিগম লিমিটেড-বি এছ এন এলৰ নতুন লোগো আৰু ৭ প্ৰকাৰৰ নতুন সেৱা মুকলি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত নিজৰ ফোৰ জি নেটৱৰ্ক বিকশাই তোলা বিশ্বৰ ৬ খন দেশৰ ভিতৰত অন্যতম। এই নেটৱৰ্কক শীঘ্ৰে ফাইভ-জি লৈ ৰূপান্তৰ কৰা হব বুলি তেওঁ কয়।