February 6, 2025 5:37 PM February 6, 2025 5:37 PM
4
ভাৰত-বাংলাদেশ সীমান্তত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কমাণ্ডাৰক বি এছ এফৰ নিৰ্দেশ
সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৪,০৯৬ কিলোমিটাৰজোৰা এলেকাত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অঞ্চলটোত নিয়োজিত ছেক্টৰ কমাণ্ডাৰসকলক নিৰ্দেশ দিছে। বাহিনীটোৱে সেই অঞ্চলৰ বাসিন্দা নাইবা প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা এনে নিৰ্মাণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল'বলৈও নির্দেশ দিছে। উল্লেখযোগ্য যে যোৱা বছৰটোত সীমান্ত অঞ্চলত এনে ৮০টা অবৈধ নিৰ্মাণৰ ঘটনা পোহৰলৈ আহিছিল। বাহিনীটোৰ শিলিগুৰিত থকা নৰ্থ বেংগল ফ্রণ্টিয়াৰৰ সূত্ৰই প্ৰকাশ...