October 24, 2024 8:46 PM
6
ভাৰত-চীনৰ নিয়ন্ত্ৰণৰেখাৰ বিবাদ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপ হোৱা উচিতঃ ৰাজনাথ সিং
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে, ভাৰত আৰু চীনে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ নিৰ্দিষ্ট অঞ্চলৰ বিবাদসমূহ মীমাংসাৰ বাবে কূটনৈতিক আৰু সামৰিক পৰ্যায়ৰ বাৰ্তালাপত মিলিত হোৱা উচিত। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা আলোচনা ২০২৪ৰ মুকলি অনুষ্ঠানত শ্ৰী সিঙে কয় যে, দুয়োপক্ষৰ পাৰস্পৰিক আৰু সমান নীতিৰ আধাৰত বিশেষ পৰিৱেশত এনেধৰণৰ বাৰ্তালাপ হ'ব পাৰে। তেওঁ লগতে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ অঞ্চলসমূহত তহলদাৰী আৰু বিচৰণ কৰাৰ সন্দৰ্ভতো আলোচনাৰ পোষকতা কৰে। তেওঁ কয় যে, দুয়োপক্ষৰ মাজৰ ধাৰাবাহিক বাৰ্তালাপৰ জৰিয়তে এন...