June 2, 2025 7:24 PM June 2, 2025 7:24 PM
10
ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰা বিনীতা চেত্ৰীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গুণমুগ্ধৰ আদৰণি
আন্তঃৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানকাৰী মঞ্চ ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াই অনা কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিনীতা চেত্ৰীক আজি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত গুণমুগ্ধসকলে আদৰণি জনায়। এই সন্মান লাভ কৰি অতিশয় আনন্দিত বুলি সাংবাদিকৰ আগত বিনীতাই প্ৰকাশ কৰে। ইয়াৰ পাছতে তেওঁ শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়ায়। অসম জীয়ৰীগৰাকীৰ এই সাফল্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। সা...