July 5, 2024 6:55 PM

views 31

ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীৰ বিজয়

ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে বিপুল বিজয় সাব্যস্ত কৰিছে। দলৰ নেতা কিৰ ষ্টাৰমাৰ কনজাৰভেটিভ দলৰ ঋষি ছুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ'ব। এটা দশকতকৈও অধিক কাল বিৰোধী পক্ষত থকাৰ পাছত লেবাৰ পাৰ্টী ক্ষমতালৈ আহিছে। শেহতীয়া তথ্য অনুসৰি লেবাৰ পাৰ্টীয়ে ৬৫০ খন আসনৰ ভিতৰত ৪১০ খন আসনতেই জয়লাভ কৰিছে আৰু ভোটগণনা এতিয়াও অব্যাহত আছে। জয়লাভ কৰাৰ পাছত দিয়া ভাষণত ৬১ বছৰীয়া ষ্টাৰমাৰে কয় যে জনসাধাৰণে পৰিবৰ্তন বিচাৰি ভোটদান কৰিছে আৰু এতিয়া পৰিবৰ্তন আৰম্ভ হ'ল। বৃটিছ প্ৰধানমন্ত্ৰ...