January 13, 2026 6:16 PM

views 12

ব্রিকছ শীর্ষ সন্মিলনৰ প্ৰতীক চিহ্ন, বিষয়বস্তু আৰু ৱেবছাইট মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি চলিত বৰ্ষত নতুন দিল্লীত হ'বলগীয়া ব্রিকছ শীর্ষ সন্মিলনৰ প্ৰতীক চিহ্ন, বিষয়বস্তু আৰু ৱেবছাইট মুকলি কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত ড০ জয়শংকৰে কয় যে এই শীর্ষ সন্মিলনত ভাৰতে গোলকীয় কল্যাণৰ মহান উদ্দেশ্যৰে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সম্ভাৱনীয়তাক একত্ৰিত কৰাৰ প্ৰয়াস কৰিব। তেওঁ কয় যে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে চলিত বৰ্ষত ২০ বছৰ সম্পূৰ্ণ কৰিব আৰু এই সুদীৰ্ঘ পৰিক্ৰমাত ব্ৰিকছে উন্নয়নমূলক অর্থনীতি আৰু বিকশিত বজাৰৰ মাজত সহযোগিতা অনাৰ গুৰুত্বপূর্ণ মঞ্চ হিচাপে ...

May 25, 2025 10:51 AM

views 28

ব্ৰাজিলত হ’বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰিব

ভাৰতে ব্ৰাজিলত কাইলৈৰ পৰা হ'বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। উচ্চ পৰ্যায়ৰ এই বৈঠকত কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ভাৰতীয় প্রতিনিধিসকলৰ নেতৃত্ব দিব। এই বৈঠকে সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতাৰ প্ৰসাৰৰ উদ্দেশ্যে ব্রাজিল, ৰাছিয়া ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা আদি ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলক এখন মঞ্চ প্ৰদান কৰিব। এইবাৰৰ এই বৈঠকত যুটীয়া সাংস্কৃতিক প্রকল্প, প্রতিষ্ঠানগত অংশীদাৰিত্ব আৰু ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈচিত...