December 22, 2024 11:31 AM

views 22

ব্রাজিলত যাত্রীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ৩০ জন লোকৰ মৃত্যু

ব্রাজিলত এখন যাত্রীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত এটা সংঘৰ্ষৰ ফলত ৩০ জন লোকৰ মৃত্যু হৈছে। দক্ষিণ-পূব ব্রাজিলৰ ৰাজ্য মিনাছ গেৰাইছৰ ঘাইপথত শনিবাৰে এই ঘটনা সংঘটিত হয়। মিনাছ গেৰাইছৰ অগ্নিনির্বাপক বাহিনীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত আহত আন ১৩ জন লোকক টিওফিলো অটোনি চহৰত থকা এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকে জনায় যে, ৪৫ গৰাকী যাত্ৰীৰে সৈতে বাছখন চাও পাওলোৰ পৰা ৰাওনা হৈছিল ।