August 25, 2024 11:26 AM

views 32

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ব্রাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ৱিয়েৰা

ব্রাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ৱিয়েৰা চাৰি দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। মঙলবাৰে বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰ আৰু শ্ৰীৱিয়েৰাই ভাৰত-ব্রাজিল নৱম যুটীয়া আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, এই বছৰ ব্ৰাজিলে জি-টুৱেণ্টিৰ অধ্যক্ষতা কৰাৰ লগে লগে দুয়োখন দেশে জি-টুৱেণ্টিৰ মূল ফলাফলসমূহ কেনেদৰে আগবঢ়াই নিব সেই বিষয়ে বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰ্যালয়ে লগতে কৈছে যে, ভাৰত আৰু ব্রাজিলে বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক ৰক্ষা কৰি আহিছে। মন্ত্ৰ্যালয়ে লগতে কয় যে, বিদেশ মন্ত...