May 25, 2025 10:51 AM

views 24

ব্ৰাজিলত হ’বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰিব

ভাৰতে ব্ৰাজিলত কাইলৈৰ পৰা হ'বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। উচ্চ পৰ্যায়ৰ এই বৈঠকত কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ভাৰতীয় প্রতিনিধিসকলৰ নেতৃত্ব দিব। এই বৈঠকে সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতাৰ প্ৰসাৰৰ উদ্দেশ্যে ব্রাজিল, ৰাছিয়া ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা আদি ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলক এখন মঞ্চ প্ৰদান কৰিব। এইবাৰৰ এই বৈঠকত যুটীয়া সাংস্কৃতিক প্রকল্প, প্রতিষ্ঠানগত অংশীদাৰিত্ব আৰু ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈচিত...

August 10, 2024 1:30 PM

views 22

ব্রাজিলৰ চাও পাওলোত হোৱা বিমান দুর্ঘটনাত ৬১গৰাকী লোকৰ মৃত্যু

ব্রাজিলৰ চাও পাওলোতে কালি নিশা এখন যাত্রীবাহী বিমান দুর্ঘটনাগ্ৰস্ত হোৱাৰ ফলত যাত্রীসহ ৬১গৰাকী লোকৰ মৃত্যু হয়। বিষয়াসকলে জনোৱা মতে, দূৰ্ঘটনাৰ ফলত স্থানীয় কনড’মিনিয়াম কমপ্লেক্সৰ এটা আৱাস ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে কোনো বাসিন্দা হতাহত হোৱা নাই। ব্রাজিলৰ আঞ্চলিক বিমান সংস্থাৰ তথ্য অনুসৰি বিমানখনত ৫৭ জন যাত্ৰী আৰু চাৰিজন ক্রু মেম্বাৰ আছিল। দুটা ইঞ্জিনযুক্ত বিমানখন পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অভিমুখে ৰাওনা হৈছিল।