September 12, 2025 12:29 PM

views 31

ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়ৰ বোল্‌ছোনাৰোক ২৭ বছৰৰো অধিক কাৰাদণ্ডৰে দণ্ডিত

ব্রাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেয়ৰ বোল্‌ছোনাৰোক সামৰিক অভুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থা ধ্বংস কৰাৰ প্ৰয়াসৰ অভিযোগত ২৭ বছৰৰো অধিক কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। দেশখনৰ উচ্চতম ন্যায়ালয়ে ২০১৮ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বোল্‌ ছানাৰোক ২০২২ চনত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতো বলপূর্বকভাৱে শাসনত অধিষ্ঠিত হৈ থকাৰ প্ৰয়াস চলোৱাৰ অপৰাধত দোষী সাব্যস্ত কৰিছে।