December 27, 2024 11:24 AM
15
ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত চীনৰ অনুমোদন
চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত অনুমোদন জনাইছে। চীনৰ চৰকাৰী বাতৰি সংস্থা শ্বিনহুৱাৰ উদ্ধৃতি দি হংকঙৰ পৰা প্ৰকাশিত ছাউথ চাইনা মর্নিং পোষ্ট কাকতে প্রকাশ কৰা অনুসৰি ইয়াৰলুং জাংগু নামেৰে পৰিচিত ব্ৰহ্মপুত্ৰৰ তীব্বতৰ ইংৰাজী ইউ আকৃতিৰ অংশত এই বৃহৎ জলবিদ্যুৎ প্রকল্প আৰু বান্ধটো নিৰ্মাণ কৰা হ'ব। এই বৃহৎ বান্ধ নিৰ্মাণ হৈ উঠিলে ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ গতি-প্রকৃতি সম্পূৰ্ণৰূপে সলনি হ'ব বুলি আশংকা কৰা হৈছে। বাতৰিটোত প্ৰকাশ কৰ...