November 12, 2024 6:08 PM

views 14

ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি

 কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কৰ্মশালাখন মুকলি কৰি দিয়া ভাষণত শ্ৰী পাটিলে কয়, যে ভাৰতৰ অৰ্থনীতি জলসম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু জলাশয়সমূহক পুনৰুজ্জীৱিত কৰি তোলা অতি প্রয়োজন। মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে বহনক্ষম জলসম্পদৰ অবিহনে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পৰা নাযাব । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্...