December 18, 2025 4:15 PM

views 14

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্ৰহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই চাৰি...

October 8, 2025 6:57 PM

views 51

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। এই খহনীয়াই নগৰখনৰ জগাৰ্ছ পার্ককে ধৰি নদীকাষৰীয়া ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই অনাত জনসাধাৰণ আতংকিত হৈ পৰিছে। আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই খহনীয়াৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কালি নিশা...

September 11, 2025 12:43 PM

views 29

গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ

■ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। জলেশ্বৰৰ ফেৰীঘাট এলেকাত খহনীয়াৰ ফলত জলেশ্বৰ বজাৰৰ লগতে জলেশ্বৰ আৰক্ষী চকী, আদৰ্শ চিকিৎসালয় আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জিলা আয়ুক্ত প্রদীপ টিমুঙে কালি যন্ত্রচালিত নাৱেৰে খহনীয়াৰ পৰিদৰ্শন কৰে। তেওঁ জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াসকলক আজিৰেপৰা স্পৰ্শকাতৰ এলেকাসমূহত জিঅ' বেগৰ জৰিয়তে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

December 19, 2024 12:53 PM

views 14

ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত

ৰাজ্যত প্ৰথমবাৰৰ বাবে কালি ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত কৰি ইয়াৰ গতিবিধি নিৰীক্ষণৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হৈছে। পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰাজ্যৰ বন বিভাগ আৰু আৰণ্যকৰ সহযোগত এই প্ৰক্ৰিয়া আৰম্ভ কৰে। কুলশী নদীত শিহুৰ গাত প্ৰথমবাৰৰ বাবে এই চিপ সংযোগ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে ঐতিহাসিক বুলি অভিহিত কৰিছে। এই ব্যৱস্থাই প্ৰাণীবিধৰ গতিবিধি নিৰীক্ষণ কৰাৰ লগতে চো...

December 18, 2024 1:18 PM

views 32

দক্ষিণ শালমাৰাৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি আজি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা শ্ৰী মহন্তই বাংলাদেশ সীমান্তৰ দ্বিতীয় শাৰীত সুৰক্ষাত নিয়োজিত অসম আৰক্ষীৰ সীমান্ত চকী নিৰ্মাণৰ বাবে জন প্রতিনিধি আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি স্থান বাছনি কৰে। শ্ৰী মহন্তই পাৰঘাট এলেকাৰ সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তব্যৰত জোৱানসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকী...

December 6, 2024 10:51 AM

views 43

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ: নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি সদনত কয়, যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ধুবুৰী-ফুলবাৰী সংযোগী দলংখনৰ কাম ৫৩.২৭ শতাংশ সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয়, যে ২০২৮ চনৰ ২২ অক্টোবৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। সদনৰ প্রশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সকলো ৰাষ্ট্ৰীয় প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। তেওঁ উল্লেখ কৰে যে অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ ...

October 22, 2024 11:33 AM

views 23

ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস হোৱাত কমলাবাৰী-নিমাতী ফেৰী ঘাটৰ ফেৰীৰ চলাচল বন্ধ

■ ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত কালিৰে পৰা মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী ঘাটেৰে ফেৰীৰ চলাচল বন্ধ হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী পথ খননৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা এখন ড্ৰেজাৰ মাজুলীলৈ অনা হৈছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান আই আই টি মাদ্ৰাজৰ এটা বিশেষজ্ঞ দলৰ তত্বাৱধানত আজিৰ পৰা ফেৰী চলাচলৰ সুবিধা হোৱাকৈ ব্ৰহ্মপুত্ৰত বুকুত ফেৰীপথ খনন কাৰ্য আৰম্ভ হ'ব। কমলাবাৰী-নিমাতী ফেৰীপথ খনন সম্পূর্ণ নোহোৱালৈকে যাত্রীসকলক অফলামুখ-নিমাতী ঘাটেৰে অহা-যোৱা কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জন...

May 8, 2024 8:16 PM

views 21

ঐতিহাসিক ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰি অহা ঐতিহাসিক ডিব্ৰুগড় চহৰ এইবাৰো খহনীয়াৰ সমস্যাৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। চলিত বৰ্ষত ১২টাকৈ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ লগতে ক্ৰমাৎ চহৰখনৰ আৱাসীসকলৰ সমস্যাৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত মাইজান অঞ্চলৰ মূল মথাউৰি ইতিমধ্যে স্থানান্তৰ কৰিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ মূল সুঁতি একেবাৰে চাপি অহাৰ ফলত খৰালি কালতো গৰাখহনীয়াৰ সমস্যাই দেখা দিছে। ইপিনে, দুলীয়াজান বিধানসভা সমষ্টিৰ দিহিং কিনাৰ নেপালী গাঁৱত বুঢ়ী দিহিং নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা...

May 8, 2024 6:22 PM

views 22

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা তৃতীয় দিনৰ বাবেও বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি তৃতীয় দিনৰ বাবেও বন্ধ হৈ আছে। জলপৃষ্ঠ বৃদ্ধি পোৱাত ফেৰী ঘাটৰ ৰেম্প বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত অভ্যন্তৰীণ জলপৰিবহণ বিভাগে ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত ফেৰী চলাচল বন্ধ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত ফেৰী সেৱা বন্ধ হৈ থাকিব।