December 18, 2025 4:15 PM December 18, 2025 4:15 PM
7
গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জন লোক ব্ৰহ্মপুত্ৰত উটি যায়। ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই চাৰি...