July 11, 2024 12:49 PM July 11, 2024 12:49 PM
13
ব্ৰাৱো অ’পেন চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী
ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটোৱে জাৰ্মানীৰ ব্ৰৌংশ্বিগত অনুষ্ঠিত ব্ৰাৱো অ'পেন চেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। শীর্ষ বাছনিপ্রাপ্ত শ্ৰীৰাম আৰু গোঞ্জালোৰ যুটীটোৱে কালি বিয়লি প্রি-কোৱাৰ্টাৰ ফাইনেলত বলিভিয়াৰ বোৰিছ এৰিয়াছ আৰু ফেডেৰিকো জেবাল'ছৰ যুটীটোক ৬-৩, ৬-০ পোনপটীয়া চেটত পৰাস্ত কৰে। শ্ৰীৰাম আৰু গোঞ্জালোৰ যুটীটো আজি সন্ধিয়া কোৱাৰ্টাৰ ফাইনেলত ব্রাজিলৰ মাৰ্ছেলো ডেমোলিনৰ আৰু আৰ্জেণ্টিনাৰ গুইলের্মো ডুৰানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব...