January 19, 2026 7:14 PM

views 10

কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ টিপকাইত বীৰ চিলাগং বসুমতাৰী স্মাৰক ষ্টেডিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম প্ৰেক্ষাগৃহ, পৰ্বঝৰাত পলিটেকনিক আৰু বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কোকৰাঝাৰত ৫০ খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷

September 29, 2025 10:45 AM

views 41

৫ অক্টোবৰত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ শপতগ্রহণ

বিটিচি নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে কালি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপত গ্রহণ কৰিব। এই অনুষ্ঠানত ৰাজ্যপালগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদীয় চৰকাৰত বি জে পি আৰু ইউ পি পি এলৰ সদস্য থাকিবনে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী মহিলাৰীয়ে কয়, যে কোনো ...

September 28, 2025 8:32 PM

views 39

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে বিপিএফ দলৰ দাবী উত্থাপন

বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপত গ্ৰহণ কৰিব। এই অনুষ্ঠানত ৰাজ্যপালগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদীয় চৰকাৰত বি জে পি আৰু ইউ পি পি এলৰ সদস্য থাকিবনে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী মহিলাৰীয়ে কয়, যে কোনো দলে...

September 26, 2025 12:47 PM

views 45

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনাত ২১খন আসনত বি পি এফৰ অগ্রগতি লাভ

■ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। শেহতীয়া তথ্য মতে এই পর্যন্ত ২১খন আসনত বি পি এফে অগ্রগতি লাভ কৰিছে। ইউ পি পি এলে ৮খন, বিজেপিয়ে ৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। প্রথমে পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে। তামুলপুৰ জিলাৰ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ গৃহ সমষ্টি ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ অন্তত ইউ পি পি এলে ৪ হাজাৰ ৫১২টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফে ৩...

August 31, 2025 9:44 PM

views 77

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ তালিকা প্রকাশৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ

সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰাৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ইউ পি পি এল দলে আজি ১৬টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্রার্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা ১৮ জন প্রার্থীকে ধৰি বৰ্তমানলৈকে মুঠ ৩৬ জন প্রার্থীৰ নাম ঘোষণা কৰিছে। বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিত মাখন স্বৰ্গীয়াৰী ইউ পি পি এলৰ প্রার্থিত্ব প্ৰদানৰ পাছতে সমষ্টিটোত আনন্দৰ জোৱাৰ উঠিছে। বৰতলাত আজি দলীয় কর্মী তথা ইউ পি পি এল সমর্থিত ৰাইজে তেওঁক আদৰণি...