April 5, 2025 7:46 PM

views 14

ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ত ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ

ব্রাজিলত চলি থকা ৱৰ্ল্ড বক্সিঙ কাপ-২০২৫ ভাৰতৰ অবিনাশ জামৱালে পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত প্ৰৱেশ কৰিছে। জামৱালে যোৱা নিশা ই টালীৰ জিয়ান লুইগী মালাংগাক ৫-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। খেলুৱৈগৰাকী আজি অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ব্রাজিলৰ ইউৰী ৰেইচৰ মুখামুখি হ'ব। আনহাতে পুৰুষৰ ৭০ কিলোগ্রাম শাখাৰ ফাইনেলত ভাৰতৰ হিতেশে ইংলেণ্ডৰ উডেল কামাৰাৰ মুখামুখি হ'ব। যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত ছেমিফাইনেলত হিতেশে ফ্ৰান্সৰ মাকান ট্রাউৰেক ৫-০ ফললাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইতিমধ্যে ভাৰতীয় বক্সাৰ মনিশ ...

April 4, 2025 6:02 PM

views 21

২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিঙৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত ভাৰতীয় বক্সাৰ হিতেশ

ভাৰতীয় বক্সাৰ হিতেশ, ব্রাজিলত অনুষ্ঠিত ২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিং প্রতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাৰ পুৰুষৰ ৭০ কিলোগ্রাম শাখাত তেওঁ ফ্ৰান্সৰ মাকান ট্ৰাওৰেক ৫-০ ব্যৱধানত পৰাস্ত কৰে। এই প্রতিযোগিতাৰ ৫০ কিলোগ্রাম শাখাত যদুমণি সিং, ৬০ কিলোগ্রাম শাখাত শচীন ছিৱাচ আৰু ৯০ কিলোগ্রাম শাখাত বিশালে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

February 8, 2025 1:12 PM

views 15

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লন বলত কালি অসমে তিনিটা পদক নিশ্চিত কৰিছে। নয়নমণি শ‍ইকীয়া আৰু বন্দিতা হাজৰিকাৰ মহিলাৰ ডাবলচ যুটীৰ লগতে পুৰুষৰ ছিংগলছত পুতুল সোণোৱাল তথা মেন ফৰ্চত বিতোপন ৰাভা, অমল টেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাওন্দে চেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি ৰাষ্ট্ৰীয় ক্রীড়াত দৌৰবিদ অম্লান বৰগোহাইয়ে অভিযান আৰম্ভ কৰিব। অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে কালি নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰে। তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ...

November 30, 2024 7:29 PM

views 20

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ ছাই উপকেন্দ্ৰত ৪৪ সংখ্যক আন্তঃজিলা ছিনিয়ৰ বক্সিং প্রতিযোগিতা

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ ছাই উপকেন্দ্ৰত আজি ৪৪ সংখ্যক আন্তঃজিলা ছিনিয়ৰ বক্সিং প্রতিযোগিতা উদ্বোধন কৰা হয়। খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে যদিও প্রতিযোগিতাখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ উভয় শাখাৰে ১০টা ওজন শাখাৰ খেল অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত ৩০ খন জিলাৰ ১৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইখন প্রতিযোগিতাৰ পৰাই অহা বছৰ জানুৱাৰীত উত্তৰাখণ্ডত হ'বলগীয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাৰ বাবে খেলুৱৈ বাচনি কৰা হ'ব।

November 28, 2024 6:14 PM

views 22

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা

অসম বক্সিং সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ খেলসমূহ কাইলৈ আৰম্ভ হ'ব যদিও পৰহিলৈ বিয়লি ৩ বজাত এই প্রতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ উভয় শাখাৰ ১০টা ওজন শাখাৰ খেল অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত ৩ শতাধিক খেলুৱৈয়ে অংশ ল'ব। অহা ২ ডিচেম্বৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব। আজি অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং সংস্থাৰ সচিব হেমন্ত কুমাৰ কলিতাই এই বিষয়ে প্ৰকাশ কৰি কয় যে এই প্রতিযোগি...

November 2, 2024 5:34 PM

views 14

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ কৃশা বার্মাৰ স্বর্ণ পদক অৰ্জন

ভাৰতৰ কৃশা বার্মাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত কালি এটা স্বর্ণ পদক অৰ্জন কৰিছে। আনহাতে ভাৰতৰ আন ৫গৰাকী বক্সাৰ নিজৰ নিজৰ শাখাৰ ফাইনেলত পৰাস্ত হৈ স্বর্ণ পদকৰ পৰা বঞ্চিত হ'ল। কৃশাই ফাইনেলত জাৰ্মানীৰ লেৰিকা চাইমনক ৫-০ত পৰাস্ত কৰে। ভাৰতৰ চঞ্চল চৌধাৰীয়ে মহিলাৰ ৪৮ কিলোগ্রাম শাখাত ইংলেণ্ডৰ ৰূবী হোৱাইটৰ বিৰুদ্ধে পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। মহিলাৰ ৫৭ কিলোগ্রাম শাখাৰ ফাইনেলত অঞ্জলি সিং ইংলেণ্ডৰ মিয়া-টয়াহ আইটনৰ বিৰুদ্ধে পৰাজিত হয়। পুৰুষৰ ৭৫ কিলোগ্রাম ...

May 29, 2024 7:27 PM

views 15

পেৰিছ অলিম্পিকৰ বক্সিঙৰ বিশ্ব যোগ্যতা নিৰূপণকাৰী প্রতিযোগিতাত অৰুন্ধতি চৌধুৰীৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ৰাষ্ট্ৰীয় চেম্পিয়ন অৰুন্ধতি চৌধুৰীয়ে আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত পেৰিছ অলিম্পিকৰ বক্সিঙৰ বিশ্ব যোগ্যতা নিৰূপণকাৰী প্রতিযোগিতাৰ ৬৬ কিলোগ্রাম শাখাৰ খেলত জয়লাভ কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। চৌধুৰীয়ে প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত প'ৰেটো ৰিকোৰ ষ্টিফেনি পিনেইবোৰ বিৰুদ্ধে সহজে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয় পাউণ্ডত তেওঁ কিছু ৰক্ষণশীল খেল প্ৰদৰ্শন কৰে। পৰৱৰ্তী ৰাউণ্ডত উন্নত প্ৰদৰ্শনেৰে খেলখনত তেওঁ ৫-০ ফলাফলত জয়লাভ কৰে। আন এগৰাকী ভাৰতীয় বক্সাৰ নৰেন্দ্ৰৰ বাৰৱালে ৯২ কেজিৰ উৰ্ধৰ শাখাত ইকুৱেডৰৰ ...

May 7, 2024 1:50 PM

views 27

এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলৰ ৪৩টাকৈ পদক লাভ

♦ কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলে ৪৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ খনতকৈও অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনুৰ্ধত ২১টা পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে। যুৱ শাখাত কালি ভাৰতীয় বক্সাৰসকলে ৫টা সোণৰ, ৯টা ৰূপৰ, আৰু ৮টা ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ৪৮ কেজি ফাইনেলত ভাৰতৰ ব্ৰিজেশে তাজিকিস্তানৰ মুমিনোভ মুইনখোজ্জাৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰথমটো সো...

May 5, 2024 1:31 PM

views 23

কাজাখস্তানত অনুষ্ঠিত এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰৰ ফাইনেলত প্ৰৱেশ

কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত ২২ বছৰৰ অনুৰ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰ আকাশ গোৰখা, বিশ্বনাথ সুৰেশ, নিখিল আৰু প্ৰীত মালিকে পুৰুষৰ ২২ বছৰ অনুৰ্ধৰ শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। এই সফলতাই বিভিন্ন শাখাত ভাৰতীয় বক্সাৰে লাভ কৰা পদক সংখ্যা ৪৩লৈ বৃদ্ধি কৰিলে। আকাশ গোৰখাই ৬০ কিলোগ্রাম শাখাৰ ছেমি ফাইনেলত উজবেকিস্তানৰ ইলিয়াছ’ভ ছায়াতক ৫-০ ফলাফলত পৰাস্ত কৰে। বিশ্বনাথে ৪৮ কিলোগ্রাম শাখাত ফিলিপাইনছৰ বাৰিকুআত্ৰ' ব্রায়ানক ৫-২ ফলাফলত পৰাস্ত কৰে। একেদৰে নিখিলে ৫৭ কিল...

May 3, 2024 12:52 PM

views 14

২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈৰ ছেমি ফাইনেলত স্থান নিশ্চিত

♦ কাজাখস্তানৰ আস্তানাত চলি থকা ২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈ পুৰুষৰ শাখাত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ৫১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মান্দেংবাম যদুমনি সিঙে ভূটানৰ প্ৰতিদ্বন্দ্বী ফুচ কিনলেক ৫-০ ফলাফলত পৰাস্ত কৰে। একেদৰে ৫৭ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিখিলে উজবেকিস্তানৰ বাৰ্তিয়োৰোভ আয়ুবখনৰ বিৰুদ্ধে ৪-০ ফলাফলত বিজয় সাব্যস্ত কৰে। Read More : আজি ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দিল্লীত যুটীয়া প্ৰতিৰক্ষা স...