April 12, 2025 1:27 PM

views 23

আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্ৰী উৎসৱৰ আয়োজন

বি টি আৰ চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত কোকৰাঝাৰৰ হৰিণাগুৰি পাহাৰৰ সমীপত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্ৰী উৎসৱৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা মহিলা আৰু পুৰুষ শাখাৰ চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে উৎসৱৰ মূল তোৰণৰ দ্বাৰ মুকলি কৰে। এই উৎসৱৰ সৈতে সংগতি ৰাখি ট্রেকিং, বড়ো জনগোষ্ঠীৰ কেইবাবিধো থলুৱা খেলকে ধৰি বৈশাগু নৃত্য, বৈশাগু খুংগ্ৰী নৃত্য আৰু পৰম্পৰাগত ৰন্ধন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।