December 9, 2024 9:07 PM

views 9

সংসদৰ উভয় সদনৰ কাম-কাজ বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিত দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদনৰ কাম-কাজ আজি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি উঠা অভিযোগক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধী পক্ষই পৰস্পৰৰ বিপক্ষে অভিযোগ-প্ৰতি-অভিযোগ উত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু কাৰ্য-ক্ৰমণিকা বাৰে বাৰে ব্যাহত হয়। এনে পৰিস্থিতিত উভয় সদনৰ সভাপতি দুগৰাকীয়ে কাৰ্য্য-ক্ৰম...