November 15, 2024 11:59 AM November 15, 2024 11:59 AM
4
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্ৱোধন কৰিব বড়োলেণ্ড মহোৎসৱ
নতুন দিল্লীৰ কে ডি যাদৱ ৰেষ্টলিং ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া ৬.৩০ বজাত বড়োলেণ্ড মহোৎসৱৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰিব। নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তান সাহিত্য সভা আৰু বড়ো সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ প্ৰশাসনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। বড়োভূমিৰ কলা-সংস্কৃতি, ভাষা সাহিত্যৰ ভিন্ন দিশ প্ৰতিফলিত কৰাৰ উপৰি অঞ্চলটোৰ প্ৰতিষ্ঠা হোৱা শান্তিৰ পৰিৱেশ চিৰস্থায়ী কৰাৰ লক্ষ...