January 9, 2026 12:57 PM

views 10

বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ অধিৱেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভা ৬৫ সংখ্যক কেন্দ্রীয় অধিৱেশন অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰ্গয়াৰীয়ে ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ, প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হয়। দিনৰ চাৰে ১১ বজাত ‘সপোনৰ পৰা গন্তব্য স্থানলৈ, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল' শীর্ষক আলোচনাচক্ৰ। বিয়লি ৩ বজাত কবি ...

January 11, 2025 1:33 PM

views 14

বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠান

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্রয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি শ্রদ্ধাঞ্জলি তৰ্পণৰ লগতে সম্বৰ্ধনা আৰু শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ১০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ লগতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ধর্মেন্দ্ৰ প্ৰধানৰ লগতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্রজিৎ শৰ্মা, ডিমাচা সাহিত্য সভাৰ সভাপতি ৰমেশ থাউছেণ্ড, গাৰো সাহিত্য সভাৰ প্ৰধান সম্পাদক জনকেৰ...

January 10, 2025 8:28 PM

views 16

বড়ো সাহিত্য সভাত আজি অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ-অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে আলোচনা-চক্র

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অ-বড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে এখন আলোচনা চক্র অনুষ্ঠিত হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সূৰথ নাৰ্জাৰীৰ সঞ্চালনাত হোৱা এই আলোচনা চক্ৰত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইন আৰু বড়ো স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' সমল ব্যক্তি হিচাপে উপস্থিত থাকে...

January 10, 2025 1:58 PM

views 14

ওদালগুৰিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিবেশনৰ আজি দ্বিতীয় দিন

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত কালিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনৰ মূল তোৰণ আৰু সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড০ ৰীতা বড়োৱে খেংখাই শীৰ্ষক শুভংকৰ উন্মোচন কৰে। অধিৱেশনৰ সৈতে সংগতি ৰাখি গঢ়ি তোলা বড়ো লিটাৰেৰী পায়’নিয়াৰ পাৰ্কখন সাহিত্য অকাডেমী বঁটাপ্ৰাপক নবীন মল্ল বড়োৱে উদ্বোধন কৰে । আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অ-বড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষা...