January 5, 2025 10:57 AM

views 22

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ভাৰতৰ  ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

চিডনীত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কালি ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৪১ ৰানৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল ১৬ ৰানহে যোগ দিবলৈ সমর্থ হয়। আলহী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ শ্বট বোলান্দে ৬টা আৰু অধিনায়ক পেট কামিন্সে ৩টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কালি অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই কেলৱ ১৮১ ৰান কৰি ভাৰতৰ প্ৰথম...

December 18, 2024 1:27 PM

views 23

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮৯ ৰান কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত ২৭৫ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো উইকেট নেহেৰুৱাকৈ ৮ ৰান কৰা অৱস্থাত বৰষুণৰ বাবে খেলৰ সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ আগতে ভাৰতে কালি ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫২ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰ...

December 14, 2024 3:27 PM

views 23

ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল কৰা হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব। অস্ট্রেলিয়াই আজি প্রথমে বেট ধৰি বৰষুণৰ আগলৈকে ২৮ ৰান সংগ্ৰহ কৰে।

December 13, 2024 8:41 PM

views 19

কাইলৈ পুৱা ৫ বাজি ৫০ মিনিটত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৫ বাজি ৫০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে বৰ্তমানলৈ একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত ২৯৫ ৰাণত জয়লাভ কৰিছে। একেদৰে, অষ্ট্ৰেলিয়াই দ্বিতীয়খন খেলত ১০ উইকেটত জয়লাভ কৰিছে।

December 8, 2024 5:57 PM

views 21

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ১০ উইকেটত পৰাস্ত

এডিলেইডত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াই ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। আজি তৃতীয় দিনা ভাৰতে ৫ উইকেটৰ বিনিময়ত ১২৮ ৰানৰ পৰা দ্বিতীয় ইনিংছত খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই ১৭৫ ৰাণ কৰি ১৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। অষ্ট্ৰেলিয়াই ৩ অভাৰ ২ টা বলত কোনো উইকেট নেহেৰুৱাকৈ ভাৰতে বান্ধি দিয়া লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ ট্ৰেভিজ হেদে খেলখনত মেন অৱ দ্যা মেচৰ খিতাপ লাভ কৰে। এই জয়ৰ সৈতে ৫ খনীয়া টেষ্ট শৃংখলাটোত অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে ১-১ পইণ্টেৰ সমতা স্থাপন কৰিছ...

November 21, 2024 6:13 PM

views 25

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট কাইলৈ পাৰ্থত আৰম্ভ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ কাইলৈ পাৰ্থত আৰম্ভ হ'ব। ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই ব্যক্তিগত অসুবিধাৰ বাবে প্ৰথম টেষ্টত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে যশপ্রীত বুমৰাই দলটোৰ দায়িত্ব ল'ব। ভাৰতীয় দলৰ আন এগৰাকী আগশাৰীৰ বেটচমেন শুভমন গীলেও আঘাতৰ বাবে প্ৰথম টেষ্টত ভাগ ল'ব নোৱাৰে। টেষ্ট মেচৰ পূৰ্বে আজি ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলেই অনুশীলনত অংশ লয়। ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৭ বাজি ৫০ মিনিটৰ পৰা এই খেল আৰম্ভ হ...