January 5, 2025 10:57 AM January 5, 2025 10:57 AM
9
ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ভাৰতৰ ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ
চিডনীত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কালি ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৪১ ৰানৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল ১৬ ৰানহে যোগ দিবলৈ সমর্থ হয়। আলহী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ শ্বট বোলান্দে ৬টা আৰু অধিনায়ক পেট কামিন্সে ৩টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কালি অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই কেলৱ ১৮১ ৰান কৰি ভাৰতৰ প্ৰথম...