October 2, 2024 8:12 PM

views 23

গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত স্বচ্ছতা ক্ষেত্ৰৰ উদ্বোধন

নগৰীয়া গোটা আৰু জুলীয়া আৱৰ্জনা নিষ্কাষণৰ বাবে গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত স্বচ্ছতা ক্ষেত্ৰৰ আজি উদ্বোধন কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এই ৩৫ কোটি টকা ব্যয় সাপেক্ষ প্রকল্পটো উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত নিগমৰ উপ- মেয়ৰ তথা নিগমৰ আয়ুক্তই অংশগ্ৰহণ কৰে। এই স্বচ্ছতা ক্ষেত্ৰই বহনক্ষম জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ২০২২ বৰ্ষত মিহলি আৱৰ্জনা বিশেষ প্রযুক্তিৰে সাৰলৈ ৰূপান্তৰ কৰাৰ এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। চলিত বৰ্ষৰ ...