December 13, 2024 6:26 PM December 13, 2024 6:26 PM

views 5

বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযানত ৭ জন অভিযুক্তক আটক

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ৭ জন অভিযুক্তক আটক কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰা অনুসৰি ৫ দিন পূর্বে বৰাগাঁৱৰ দূৰ্গা মন্দিৰ প্ৰাংগনত ১৮ বছৰৰ পৰা ২৩ বছৰ বয়সীয়া এই বিকৃত মানসিকতাৰ যুৱককেইজনে ৰাস চাই উভতি অহা এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰে আৰু এই দৃশ্য ম'বাইল ফোনত আবদ্ধ কৰে। এগৰাকী সাংবাদিকে এই আপত্তিজনক ভিডিঅ' গড়চূক আৰক্ষীক জমা দিয়াৰ পাছত গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈৰ নেতৃত্বত এটা দলে...