August 3, 2025 8:54 PM

views 31

লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক গল্প সংকলনৰ উন্মোচন

অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক এখন গল্প সংকলন আজি উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব অধ্যয়ন বিভাগৰ মুৰববী অধ্যাপক ড০ গজেন্দ্র অধিকাৰীয়ে গল্প সংকলনখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চন্দ্ৰ প্ৰকাশৰ স্বত্বাধিকাৰী ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক বন্দিতা ফুকন, সাহিত্যিক তথা সংগীত শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ...

November 10, 2024 7:22 PM

views 26

লেখক, সাংবাদিক গুৰমাইল সিঙৰ গৱেষণা গ্রন্থ ‘অদম্য শিখ’ৰ উন্মোচন

বিশিষ্ট লেখক, সাংবাদিক গুৰমাইল সিঙৰ গৱেষণা গ্রন্থ অদম্য শিখ আজি নগাঁৱত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট ইতিহাসবিদ ড০ ৰাজেন শ‍ইকীয়া কয় যে, ভূগোল আৰু ইতিহাসে মানুহৰ মনস্তত্বৰ দিক নিদর্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দুটা উপাদানৰ ভিত্তিত অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দৰে গুৰুনানকদেৱে শিখ জাতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ভাৰতৰ জাতীয় জীৱনত শিখসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰি বিশিষ্ট ভূগোলবিদ ড০ অৱনী কুমাৰ ভাগৱতীয়ে অসমীয়া শিখসকলে দাঙি ধৰা সমন্বয...

June 30, 2024 6:43 PM

views 31

দিল্লীত অভিযন্তা তথা ঔপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ “বিক্ৰেতাবিহীন বজাৰ”ৰ দ্বিতীয় আৰু “ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি”ৰ চতুৰ্থ সংস্কৰণ উন্মোচন

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজৰীয়ে আজি দিল্লীৰ অসম মিডিয়া চেণ্টাৰত অভিযন্তা তথা ঔপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ  "বিক্ৰেতাবিহীন বজাৰ"ৰ দ্বিতীয় আৰু "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি"ৰ চতুৰ্থ সংস্কৰণ উন্মোচন কৰে ।  এই অনুষ্ঠানতে "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি"ৰ হিন্দী সংস্কৰণ "দ্ৰুকনন্দিনী" চলিত বৰ্ষৰ ডিচেম্বৰত বজাৰত উপলব্ধ হ'ব বুলি লিখক গৰাকীয়ে জানিবলৈ দিয়ে। উন্মোচনী অনুষ্ঠানত উৎপল বৰপূজৰীৰ লগতে জ্যেষ্ঠ সাংবাদিক কল্লোল ভৌমিক, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাৰ্তা সম্পাদক মানস প্ৰতীম শৰ্মাও উপস্থিত থাকে...

May 4, 2024 12:41 PM

views 21

কাইলৈ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাৰ গ্ৰন্থ উন্মোচনী সভা

♦ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাৰ এখন গ্ৰন্থ উন্মোচনী সভা কাইলৈ দিনৰ ১১ বজাত চি কে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। নতুন দিল্লীৰ মহাসচিব হিমন্ত ধিং মজুমদাৰক অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ইতিহাস বার্তা নামৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।