November 18, 2024 8:40 PM

views 13

‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থ উন্মোচন

অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱন আৰু কৃতিক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ঔষধি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডাঃ নৰোত্তম সোণোৱালে ৰচনা কৰা ‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থখন কালি যোৰহাট প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ড° প্ৰশান্ত পূজাৰীয়ে অনুবাদ কৰা এই গ্ৰন্থ উন্মোচনী সভাত অৰণ্য মানৱ যাদৱ পায়েং নিজেও উপস্থিত থাকি পৰিৱেশ বিষয়ক মনোজ্ঞ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত লেখক গোবিন কুমাৰ খাউণ্ড আৰু শিক্ষাবিদ বিনীতা দত্তইও অংশগ্ৰহণ কৰে।