April 21, 2024 6:22 PM April 21, 2024 6:22 PM

views 12

বঙাইগাঁও জিলাৰ নথিভুক্ত আৰু পঞ্জীভুক্ত সকলো মাৰণাস্ত্ৰ জমা দিবলৈ প্ৰশাসনৰ নিৰ্দেশ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ওদালগুৰি জিলাত ভোটাৰ ৰাইজৰ মাজত ভোটদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ লক্ষ্যৰে খৈৰাবাৰী ৰেলৱে গেটৰ পৰা নাগাছোৱালৈ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল...

April 9, 2024 8:22 PM April 9, 2024 8:22 PM

views 15

বঙাইগাঁওত ছুইপ কোষৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী

সমাগত লোকসভা নির্বাচনত সকলো শ্ৰেণীৰ নাগৰিকৰ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে বঙাইগাঁও জিলাতো ছুইপ কোষৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ জৱাহৰ নৱোদয় বিদ্যালয়, বঙাইগাঁও উচ্চত মাধ্যমিক বিদ্যালয় আদি শিক্ষানুষ্ঠানত সজাগতা সভা, বাটৰ নাট, কুইজ আদি অনুষ্ঠিত হয়। জিলাখনৰ চাপৰাকাটা গাঁও পঞ্চায়ত, চোকাপাৰা গাঁও পঞ্চায়ত আদিত সজাগতা সভাৰ আয়োজন কৰি ভোটাৰক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে।