July 31, 2025 8:08 PM

views 23

জ্যোশিতা দাসৰ আত্মহননৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ সিদ্ধান্তক বঙাইগাঁৱৰ নাগৰিক সমাজৰ আদৰণি

বঙাইগাঁৱৰ লোকনিৰ্মাণ বিভাগত কৰ্মৰত সহকাৰী অভিযন্তা জ্যোশিতা দাসৰ আত্মহননৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ বাবে ৰাজ্য চৰকাৰে মন্ত্ৰীসভাত লোৱা সিদ্ধান্তক বঙাইগাঁৱৰ নাগৰিক সমাজে আদৰণি জনাইছে। যোৱা ২২ জুলাইত কনিষ্ঠ অভিযন্তাগৰাকীৰ মৃতদেহ বঙাইগাঁৱৰ ভাৰাঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। মৃতদেহৰ লগত উদ্ধাৰ হোৱা এটা হাতেলিখা টোকাত মৃত অভিযন্তাগৰাকীয়ে লোকনিৰ্মাণ বিভাগৰ আমিনুল ইছলাম আৰু দিনেশ শর্মা মেধি নামৰ দুগৰাকী জ্যেষ্ঠ অভিযন্তাই মানসিক নির্যাতন চলোৱাৰ বিষয়ে উল্লেখ কৰিছিল। ইয়াৰ লগতে এখন কনচাল্...

April 26, 2025 8:34 PM

views 23

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত

বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত আজি ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ সামাজিক সেৱা কাৰ্যসূচীৰ অধীনত বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। লেপ্ৰছকপিক আৰু সাধাৰণ শল্য চিকিৎসা শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়ায়। জিলাখনৰ আয়ুক্ত নৱদীপ পাঠক আৰু জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকাই শিবিৰটো মুকলি কৰে।

March 6, 2025 11:40 AM

views 26

আজিৰে পৰা বঙাইগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন

■ বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষক প্ৰশিক্ষাৰ্থীৰ পঞ্জীয়ন, প্ৰদৰ্শনী আৰু কৃষি সামগ্ৰী বিতৰণ, ৰেচম সম্পর্কীয় প্রশিক্ষণ, উদ্যান শস্য, পশুপালন, শস্য বিজ্ঞান আদি বিষয়ক প্ৰশিক্ষণকে ধৰি কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে।যোৰহাটতো কালিৰে পৰা দুদিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কালি এই মেলাখন উদ্বোধন কৰি কয়, যে অনাগত সময়ত ক...

November 19, 2024 8:33 PM

views 18

বঙাইগাঁওত কাইলৈৰ পৰা কুষ্ঠ ৰোগ চিনাক্ত অভিযান

বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে কাইলৈ জিলাখনত কুষ্ঠ ৰোগ চিনাক্ত অভিযান আৰম্ভ কৰিব। জিলাখনৰ আশাকৰ্মীসকলে কাইলৈৰ পৰা অহা ৩ ডিচেম্বৰলৈ নিজ নিজ এলেকাৰ লোকৰ ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগী চিনাক্ত কৰি তেওঁলোকক উপযুক্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব। জিলাখনৰ কুষ্ঠ ৰোগ চিনাক্ত অভিযানৰ ন'ডেল বিষয়া ডাº প্ৰণৱ কুমাৰ ৰায়ে আজি এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।