March 17, 2025 12:49 PM

views 13

বঙাইগাঁৱত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ভূমি খননত নিষেধাজ্ঞা

বঙাইগাঁও জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ভূমিস্খলন আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে ভূমি খননৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি জিলাখনৰ কোনো স্থানতে ব্যক্তি, দল অথবা কোনো অনুষ্ঠান সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি অবিহনে চৰকাৰী ভূমি খনন কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে। একাংশ সচেতন নাগৰিক, বিভিন্ন অৰাজনৈতিক সংগঠন আৰু প্ৰকৃতিপ্ৰেমীৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত জিলাখনৰ আয়ুক্তই এই নিৰ...