December 15, 2024 8:11 PM

views 14

বঙাইগাঁও চহৰৰ কিছু অংশক পথেৰে তিনিচকীয়া বাহনৰ চলাচলত প্রশাসনৰ নিষেদ্ধাজ্ঞা

বঙাইগাঁও জিলা প্রশাসনে বঙাইগাঁও চহৰৰ চাপাগুৰিৰ পৰা মায়াপুৰী চিনেমা চ’কলৈ লোক নিৰ্মাণ বিভাগৰ পথেৰে বিয়লি ৪ বজাৰ পৰা পুৱা ৭ বজালৈ অটো, টেম্পো আৰু ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰিছে। একেদৰে চহৰখনৰ বৰপাৰাৰ ছহীদ বেদীৰ পৰা উত্তৰ শালমাৰালৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পথৰ লগতে ১৭, ১১৭ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰতো একে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা অহা নতুন বছৰৰ ৩১ জানুৱাৰীলৈকে জিলাখনত বলবৎ থাকিব বুলি প্ৰশাসনৰ নিৰ্দেশনাত কোৱা হৈছে।