November 23, 2024 6:45 PM November 23, 2024 6:45 PM
4
বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত তথা কাৰ্যালয়ৰ অত্যাধুনিক ভৱন উদ্বোধন
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত তথা কাৰ্যালয়ৰ অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে ন্যায়িক ব্যৱস্থাৰ আন্তঃগাঁথনি সবল কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে বুলি তেওঁ কয়। এই প্ৰচেষ্টাৰ অংশ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ আন্তঃগাঁথনি উন্নীতকৰণৰ কাম চলাই থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ন্যায় প্ৰদানৰ বিলম্বতা বৰ্তম...