January 10, 2026 7:04 PM
28
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। উৰুকালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত গ্রামাঞ্চলত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ সোণাৰীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান চৰাইদেউ জিলা শাখাৰ উদ্যো...