November 16, 2024 10:41 AM

views 12

নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বড়ো শান্তি চুক্তিয়ে অকল বড়ো সম্প্রদায়ক উপকৃত কৰাই নহয় বৰং ভালেমান শান্তি চুক্তিৰ বাত প্ৰশস্ত কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰি দিয়া ভাষণত প্ৰকাশ কৰে। তেওঁ কয়, যে শান্তি চুক্তিৰ বাবে অকল অসমতে ১০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু হিংসা ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে। তেওঁ কয় যে, শান্তি চুক্তি পাছৰে পৰা বড়ো ভূমিত উন্নয়নৰ নতুন চৌ পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, যে ৫০ বছৰজোৰা হিংসাত্মক পৰিস্থিতিৰ পাছত বড়ো ভূমিত হোৱা...