November 10, 2024 11:36 AM

views 15

১৫ আৰু ১৬ নৱেম্বৰত নতুন দিল্লীত দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ

বিটিচি প্ৰশাসনৰ উদ্যোগত অহা ১৫ আৰু ১৬ নৱেম্বৰত নতুন দিল্লীত দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত বড়ো সমাজৰ কলা- সংস্কৃতি আদি প্ৰদৰ্শন কৰা হ'ব। ১৫ নৱেম্বৰৰ কাৰ্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্ৰহণ কৰাৰ কথা। এই মহোৎসৱৰ সৈতে সংগতি ৰাখি কালি বিয়লি কাজলগাঁৱত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাংস্কৃতিক মঞ্চৰ উদ্যোগত এটা শোভাযাত্ৰা উলিওৱা হয়।

November 3, 2024 7:32 PM

views 20

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে আজি নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ এখন সংবাদমেল অনুষ্ঠিত হয়। ‘Ethos of peace and harmony an integral part for nation building' শীর্ষক বিষয়বস্তুৰে ১৫ আৰু ১৬ নৱেম্বৰত দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত আয়োজন কৰিবলগীয়া বড়োলেণ্ড মহোৎসৱৰ বিষয়ে আজিৰ সংবাদমেলত বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমক অৱগত কৰে। বড়ো জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আৰু ইতিহাস সামৰি লৈ আয়োজন কৰা এই মহোৎসৱলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা...