January 28, 2025 8:14 PM

views 58

বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বড়ো-কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে বাথৌ পূজা পালন কৰিছে। বড়ো-কছাৰী জনগোষ্ঠীৰ ঘাই দেৱতা বাথৌৰ আৰাধনাৰ বাবে বছৰত দুবাৰকৈ এই পূজাৰ আয়োজন কৰা হয়। এই পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদী সাজি পূজা কৰা হয়। পূজাত দেওধনী আৰু খেৰাই নৃত্য পৰিৱেশন কৰা হয়। এই পূজাৰ সৈতে বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰা জড়িত হৈ আছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আয়োজিত এই পূজা সাধাৰণতে মাঘৰ দ্বিতীয়টো মঙলবাৰে কৰা হয়। সদৌ বাথৌ মহাসভাৰ কোকৰাঝাৰ জিলা স...

January 7, 2025 8:35 PM

views 35

বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত কালাঝাৰাস্থিত বাসগৃহত স্মৃতিচাৰণ সভা অনুষ্ঠিত

তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত আজি কালাঝাৰাত থকা তেওঁৰ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গোছোখাংথি বিজাব নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে। বিটিআৰ চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি শ্ৰীবড়োৱে প্ৰকাশ কৰে।

November 16, 2024 6:24 PM

views 49

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন

নতুন দিল্লীৰ ছাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন কৰা হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে সভাৰ পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংস্কৃতিক সমাবেশৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে নতুন দিল্লীত কালি প্ৰথমবাৰৰ বাবে আয়োজন কৰা বড়োলেণ্ড মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

April 15, 2024 8:57 PM

views 33

বড়ো জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন

ৰাজ্যখনৰ বড়ো জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহৰ জনসাধাৰণে বিহুৰ সমান্তৰালভাৱে ব্যাপক উৎসাহ-উদ্দীপনাৰে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন কৰিছে। এই উপলক্ষে খাম, চিফুং, জটা, চেৰজাৰ শব্দত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। বড়ো লোকসকলে এই উৎসৱ উপলক্ষে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ লগতে নৃত্য গীতেৰে আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে। পৰম্পৰা অনুযায়ী বিভিন্ন ঠাইত ঘৰে ঘৰে গৈয়ো তেওঁলোকে নৃত্য পৰিবেশন কৰে। সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ আবছুৰ উদ্যোগত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত মুকল...