February 23, 2025 8:07 PM

views 13

সীমান্ত সুৰক্ষা বাহিনীৰ পঞ্জাৱ গোটৰ সৌজন্যত অমৃতসৰত ব’ৰ্ডাৰমেন মাৰাথন-২০২৫ৰ আয়োজন

সীমান্ত সুৰক্ষা বাহিনীৰ পঞ্জাৱ গোটে আজি অমৃতসৰত ব'ৰ্ডাৰমেন মাৰাথন-২০২৫ৰ আয়োজন কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধান দলজিৎ সিং চৌধুৰী তথা বাহিনীটোৰ পঞ্জাৱ গোটৰ মহা-পৰিদৰ্শক ড০ অতুল ফুলজেলে আজি পুৱা গোল্ডেন গেটৰ পৰা পতাকা জোকাৰি এই কাৰ্য্যসূচী মুকলি কৰে। এই কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে অসামৰিক লোক তথা বাহিনীটোৰ মাজত পাৰস্পৰিক আস্থা বৃদ্ধি কৰিবলৈ সীমান্তৰ জনসাধাৰণৰ সৈতে হাতত হাত থোৱা।