October 30, 2025 12:29 PM October 30, 2025 12:29 PM

views 23

৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ ১৭ বছৰ সম্পূর্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৭ বছৰ সম্পূর্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্রাণ হেৰুৱাইছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উগ্রপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্রাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্রদ্ধাঞ্জলি জনাইছে। মুখ্যমন্ত্রীয়ে উগ্রপন্থীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোকক চিৰদিনৰ বাবে ঘূণীয়া কৰা এই বিস্ফোৰণৰ ঘটনাৰ কথা উল্লেখ কৰি আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকল...