June 13, 2025 8:30 PM
14
আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ব্লেক বক্স উদ্ধাৰ
গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত কালি হোৱা এয়াৰ ইণ্ডিয়া বিমানৰ দুৰ্ঘটনাস্থলীত আজি ফৰেণচিক বিশেষজ্ঞসকলৰ এটা দলে পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘটনাস্থলীৰ পৰা বিমানখনৰ এটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা চমুকৈ এ টি এছৰ দলে দুৰ্ঘটনাস্থলীৰ পৰা এটা ডিজিটেল ভিডিঅ' ৰেকৰ্ডাৰ উদ্ধাৰ কৰিছিল। দুৰ্ঘটনাটোৰ তদন্ত পূর্ণ গতিত চলি আছে আৰু সুৰক্ষা সংস্থাসমূহে দুৰ্ঘটনাস্থলীত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ অসা...