May 11, 2025 12:10 PM

views 17

বেলুচ লিবাৰেচন আৰ্মী BLAএ বেলুচিস্তানৰ ৩৯টা স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ

বেলুচ লিবাৰেচন আৰ্মী BLAএ বেলুচিস্তানৰ ৩৯টা স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ প্ৰেছ বিজ্ঞপ্তিযোগে BLAএ ঘোষণা কৰিছে যে কৌশলগত লক্ষ্যৰে এই অভিযানসমূহ এতিয়াও চলি আছে। বিএলএৰ মুখপাত্ৰ জীয়ান্দ বালোচে দাবী কৰা মতে এই আক্ৰমণত আৰক্ষী থানা, সামৰিক কনভয়, ঘাইপথৰ কাষৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন স্থানক লক্ষ্য কৰি লোৱা হৈছে। বিএলএই অঞ্চলটোৰ মূল পথসমূহ অৱৰোধ কৰাৰ লগতে থানাসমূহ দখল কৰা বুলিও দাবী কৰিছে। বিএলএ হৈছে বেলুচ জনসাধাৰণৰ স্বাধীনতাৰ দাবীৰে পাকিস্তানৰ বেলুচিস্তানত গঠিত এটা সশস্ত্ৰ বিদ্ৰোহী গোট৷ ৰা...