April 2, 2024 1:11 PM

views 43

কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীৰ তীব্র প্রতিক্রিয়া

◊ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীয়ে তীব্র প্রতিক্রীয়া প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, দিল্লীৰ আদালতে সুনির্দিষ্ট প্ৰমানৰ ভিত্তিত তেওঁক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিছে। তেওঁ লগতে কয় এই গোচৰত দিল্লী চৰকাৰৰ স্থিতি ক্রমান্বয়ে স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে।  Read More News :  ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাব...

April 1, 2024 8:24 PM

views 26

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ইস্তাহাৰ সমিতিৰ বৈঠক

নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি দলটোৰ ইস্তাহাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত ২৭ জনীয়া সমিতিখনৰ আজি অনুষ্ঠিত প্রথমখন বৈঠকত দলটোৰ বাবে গুৰুত্ব বহন কৰা কেইবাটাও বিষয় পর্যালোচনা কৰা হয়। উল্লেখযোগ্য যে এই সমিতিখনত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণক আহ্বায়ক আৰু পিয়ুছ গোৱেলক সহ আহ্বায়ক হিচাবে ৰখা হৈছে। এই সমিতিত মুখ্...

April 1, 2024 7:37 PM

views 42

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বর্ষিয়ান নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্তন উপৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু আদৱানীৰ পৰিয়ালৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত থাকে।

March 30, 2024 9:22 PM

views 36

লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ২৭ জনীয়া ইস্তাহাৰ সমিতি গঠন

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২৭ জনীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি এই সমিতি গঠনৰ বিষয়ে ঘোষণা কৰে। সমিতিখনৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আহ্বায়ক আৰু কেন্দ্ৰীয় মন্ত্রী পিয়ুছ গোৱেলক সহ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি অৰ্জুন মুণ্ড...