December 11, 2024 9:05 PM

views 11

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে কংগ্ৰেছে অনা অনাস্থা প্ৰস্তাৱ দুৰ্ভাগ্যজনকঃ বিজেপি

ভাৰতীয় জনতা পাৰ্টীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে কংগ্ৰেছে অনা অনাস্থা প্ৰস্তাৱক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলটোৰ মুখপাত্র সম্বিত পাত্রই এই বুলি অভিযোগ কৰে যে সংসদৰ চলিত অধিৱেশনত কংগ্ৰেছে সংবিধানৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰিছে। তেওঁ এই বুলিও দাবী কৰে যে, কংগ্ৰেছ দল আৰু ইয়াৰ সহযোগী কেইটামান দলে নিৰ্বাচন আয়োগ আৰু ইলেক’ট্রনিক ভোটিং মেচিনৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত জনস্বার্থজনিত গোচৰ ৰুজু কৰাৰ পৰিকল্পনা কৰিছে। গান্ধী পৰিয়া...