September 1, 2025 8:01 PM September 1, 2025 8:01 PM

views 8

ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী

কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নেতৃত্বই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লক্ষ্য কৰি বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লখিমপুৰ, ধেমাজি, বজালী, কাছাৰ, গোৱালপাৰা, শোণিতপুৰ, ডিব্ৰুগড় আদি জিলাৰ পৰা আমাৰ সংবাদদাতাই বিজেপি দলৰ সদস্যসকলে জিলা কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও আৰু ৰাহুল গান্ধীকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ পুত্তলিকা দাহৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিছে।

July 3, 2024 6:22 PM July 3, 2024 6:22 PM

views 9

ৰাহুল গান্ধীৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে মত প্ৰকাশৰ অভিযোগত দিল্লী বিজেপিৰ প্ৰতিবাদ

কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে মত প্ৰকাশ কৰাৰ অভিযোগত দিল্লীৰ বিজেপি নেতাসকলে আজি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লীৰ বিজেপিৰ সাংসদ বাঁচুৰি স্বৰাজে শ্রীগান্ধীৰ বিৰুদ্ধে দায়িত্বহীন মন্তব্য প্ৰকাশৰ অভিযোগ উত্থাপন কৰে। সাংসদ গান্ধীয়ে তুষ্টিকৰণৰ ৰাজনীতিৰ আশ্ৰয় লৈ এনেদৰে মন্তব্য প্ৰকাশ কৰা বুলিও তেওঁ অভিযোগ কৰে। আনহাতে ৰাহুল গান্ধীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে, তেওঁ প্ৰকাশ কৰা মন্তব...