September 9, 2025 8:45 PM September 9, 2025 8:45 PM
5
বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কার্যালয় মুকলি
আসন্ন বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ জিলা কেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। একেদৰে জিলা প্ৰশাসনসমূহেও নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত ৰাখিছে। চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিটে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্রাক্তন সাংসদ পল্লৱ লোচন দাসে আজি বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কার্যালয় মুকলি কৰে। অনুষ্ঠানত ১৩ নম্বৰ চিৰাং পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী সৌমথৌৰ ব্ৰহ্মকে ধৰি স্থানীয় নেতাসকল উপস...