October 22, 2025 7:35 PM

views 131

জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে ৰাজ্যজুৰি বিজেপিৰ ন্যায় যাত্রা আৰম্ভ

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰাৰ বাবে বিজেপিয়ে ৰাজ্যজুৰি ন্যায় যাত্রা আৰম্ভ কৰিছে। ইযাৰ অংশ হিচাপে শাসকীয় দলটোৱে আজি নলবাৰীৰ ছহিদ মুকুন্দ কাকতি খেলপথাৰৰ পৰা গৰ্ডন খেলপথাৰলৈ সমদল উলিয়ায়। এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱা অংশগ্ৰহণ কৰে। ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত ক্ষীপ্ৰ কৰাৰ লগতে কোনো দোষীয়ে যাতে সাৰি যাব নোৱাৰ...