May 11, 2024 11:13 AM

views 22

কংগ্ৰেছ নেতা ছেম পিট্ৰ’দাৰ বিতর্কিত মন্তব্যৰ বিৰুদ্ধে নাগালেণ্ডৰ ডিমাপুৰত বিজেপিৰ প্ৰতিবাদ

কংগ্ৰেছ নেতা ছেম পিট্ৰ’দাই উত্তৰ-পূবৰ লোকসকলৰ সন্দৰ্ভত কৰা বিতর্কিত মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে কালি নাগালেণ্ডৰ ডিমাপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে, কংগ্ৰেছ নেতাগৰাকীয়ে উত্তৰ-পূবৰ লোকসকল দেখিবলৈ চীনা মানুহৰ দৰে বুলি মন্তব্য কৰিছিল। সমান্তৰালকৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আৰৱ, ইউৰোপ আৰু আফ্ৰিকাৰ মানুহৰ সৈতে সাদৃশ্য থকা বুলি কৈছিল। ইয়াৰ বিৰুদ্ধেই নাগালেণ্ডৰ ডিমাপুৰৰ মাৰোৱাৰীপট্টিত বিজেপিৰ নেতা-কৰ্মী, সমর্থকসকলে কালি প্ৰতিবাদ সাব্যস্ত কৰে। নাগালেণ্ড বিজেপিৰ...