September 2, 2024 6:00 PM September 2, 2024 6:00 PM

views 3

নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে । দলে নতুন সদস্য ভর্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নবীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰিছে । প্রধানমন্ত্ৰীয়ে দলত তেওঁৰ সদস্যপদ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণ কৰে। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পর্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্র দেশত কমেও ১০ কোটি নত...